অসমীয়া ভাষাত ৱেবচাইট দেখিলে কিবা এটা বিশেষ ভাৱে ভাল লাগি যায় ।
"পোহৰবিচাৰিযাওঁ" ৱেবচাইটটোত ফকৰা যোজনা শিতানটো দেখি এটা কথা মনত পৰি গ'ল । Class-viii ত আছিলোঁ তেতিয়া । Madam এ class ত সকলো ছাত্ৰ ছাত্ৰীকে "এশ গৰু মাৰিলে বাঘৰো মৰণ" ফকৰা যোজনাটোৰ ভাৱ লিখিব দিছিল । লিখাৰ আগতে "ৰচনা বিচিত্ৰা" কিতাপ খনত এবাৰ পঢ়ি বুজি লৈ নিজৰ মতে লিখিব কৈছিল । সিদিনা মই সেইখন কিতাপ মই নিয়া নাছিলোঁ স্কুলত । লগৰ কেটামানৰ পৰা চাব খোজতে দিয়া নাছিল মোক চাব আৰু ধেমালি কৰি আছিল । খঙত কাৰো কিতাপ নলৈ নিজে ভাবি ভাবি লিখিলোঁ । লিখি madam ক দেখুৱাত সকলোৱে শুনাকৈ কৈছিল যে মোৰ লিখাটো class ৰ সকলোতকৈ ভাল হৈছে । আৰু বেলেগ বোৰে নিজৰ মতে লিখিব পৰা নাছিল । কিতাপৰ দৰে হৈছিল প্ৰায় । মোক কিতাপ চাব নিদিয়া লগৰ কেইটাই ও প্ৰশংসা কৰিছিল তেতিয়া মোক । বহুত ভাল লাগিছিল ।
সেইটো লিখোঁতে মই তাৰ ইমান ভিতৰত সোমাই গৈছিলো যে তেতিয়া উপলব্ধি কৰিছিলোঁ, এই ফকৰা যোজনা বোৰ এটা এটা সাধুৰ দৰে বৰ্ণনা কৰি যদি লিখিব পাৰি তাৰ দ্বাৰা মানুহক খুব ধুনীয়া একোটা মেচেজ দিব পাৰি ।

No comments:
Post a Comment